1নগাঁৱত বিশ্ব হোমিওপেথী দিৱস উদযাপন
ৰাহুল দেৱ বৰদলৈ : অসম হোমিওপেথিক চিকিৎসা মহসবিদ্যালয় আৰু চিকিৎসালয় প্ৰাংগনত আজি দিনজোৰা কাৰ্যসূচীৰে বিশ্ব হোমিওপেথী দিৱসটি উদযাপন কৰে। ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান হোমিওপেথিক চিকিৎসা বিষয়া সন্থা অসমৰ উদ্যোগত অনুষ্ঠিত এই দিৱসৰ লগত সংগতি ৰাখি জাৰ্মান চিকিৎসা বিজ্ঞানী মহামানৱ ডা: খ্ৰীষ্টিয়ান ফ্ৰেডৰিক চেমুৱেল হেনিমেনৰ ২৬৯ সংখ্যক জন্ম জয়ন্তী উদযাপন আৰু এটি বিনামূলীয়া স্বাস্থ্য পৰীক্ষা অনুষ্ঠিত হয়। স্বাস্থ্য শিবিৰটি মুকলি কৰে ডা: বিশ্বৰূপ গোঁহাই বৰুৱাই।