Listen

Description

Ep-550- এটা শব্দত প্ৰকাশ কৰা (অসমীয়া ব্যাকৰণ)
অসমী ব্যাকৰণ।
এটা শব্দত প্ৰকাশ কৰা।
অসমীয়া ৰচনা কিতাপৰ পৰা সংগ্ৰহ কৰা হৈছে।
ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱা আৰু চহকী অসমী ভাষাৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে এই বিষয় ব্যাকৰণ দিয়া হৈছে ।
####
যি আনৰ ভাল দেখিব নোৱাৰা __পৰশ্ৰীকাতৰ , চকুচৰহা ।

যি আনৰ অধীন _ পৰাধীন
যি আনৰ অধীন নহয় _ স্বাধীন।
যি আনৰ বস্তু বলেৰে কাঢ়ি নিয়ে _ডকাইত ।
যি লোকে বিশ্বাস ৰাখিব নোৱাৰে_অবিশ্বাসী ।
যি মাটিৰ উৎপাদিকা শক্তি নাই__ অনূবৰ।
যি মাটিৰ সাৰ নাই_
অসাৰুৱা ।
ঘাঁহৰে ভৰা ঠাই ঘাঁহনি ।
যি কথাৰ অৰ্থ নাই _ নিৰ্থক, অৰ্থহীন, অৰ্থশূণ্য।
খাবলৈ অনা কলপুলি _পচলা ।
কলেৰে ভৰা ঠাই _ সলনি ।
কাণেৰে নুশুনা যি মানুহ_ কলা
যি কাপোৰ বব জানে _ শিপিনী ।
গৰু বন্ধা ঠাই_ গোহালী ।
ম'হ বন্ধা ঠাই _খুটি ।
যি মাগি খায়-- মগনীয়াৰ ।
যি খুজি খায় খোজনীয়াৰ ।
যি দীৰ্ঘকাল জীয়াই থাকে__দীৰ্ঘজীৱী ।
গোটেই জীৱন জুৰি _আজীৱন ।
যি নিজৰ ওপৰত নিৰ্ভৰ কৰি চলে_ আত্মনিৰ্ভৰশীল , স্বাৱলম্বী।
যি নিজৰ ওপৰত নিৰ্ভৰ কৰি নচলে _পৰনিৰ্ভৰশীল ।
যি বস্তু দিব পৰা নাযায় _অদেয় ।
যি কথা জনা নাজায়_অজ্ঞাত , অজানিত ।
যাক সহজতে লাভ কৰা যায় _ সুলভ,অনায়াসলভ্য, সহজলভ্য