নগাঁৱত নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ শ্ৰমিক দিৱস পালন আৰু শ্ৰমিক সন্থাৰ সভাপতি গজেন শইকীয়াক সম্বৰ্ধনা।
এক মে বুধবাৰে নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থায়ে শ্ৰমিক দিৱস পালন কৰে এই উপলক্ষে পুৱা মে দিৱসৰ ৰঙাপতকা উত্তোলন কৰে সন্থাৰ সভাপতি গজেন শইকীয়াই । ইয়াৰ পিছতেই শ্বহীদ সকলৰ সোঁৱৰণত বন্তি প্ৰজ্বলন কৰাৰ লগতে সকলো শ্ৰমিকে শ্বহীদ বেদিত মাল্যাৰ্পন কৰি স্মৰণ কৰে ।
ইয়াৰ পিছতেই সন্থাৰ কাৰ্যালয়ত এখনি সভাৰ আয়োজন কৰে এই সভাত সভাপতিত্ব কৰে সদৌ অসম মটৰ শ্ৰমিক যুতীয়া পৰিষদৰ সাধাৰণ সম্পাদক এই ৰেজাক আহমেদে লগতে সভাত উপস্থিত থাকে গুৱাহাটীৰ শ্ৰমবিভাগৰ অৱসৰ প্ৰাপ্ত বিষয়া উত্তম পাটোৱাৰী ।
এই সভাত শ্ৰমিক সকলৰ বিভিন্ন ক্যালমুলক আঁচনিৰ বিষয়ে আলোচনা কৰাৰ লগতে ৰি সকল শ্ৰমিকে নিজৰ জীৱন বলিদান দিছিল সেই সকলক স্মৰণ কৰে ।
এই সভাতে নগাঁও ট্ৰাক চালক শ্ৰমিক সন্থাৰ সভাপতি গজেন শইকীয়াক সম্বৰ্ধনা জনোৱা হয় গজেন শইকীয়াক সম্বৰ্ধনা পত্ৰ, গামোচা, শৰাই আৰু এটি টি ভি প্ৰদান কৰা হয় ।